Luke 10

যীচুৱে সত্তৰ জনক নিযুক্ত কৰি পঠিওৱা

1এইবোৰ কথা কোৱাৰ পাছত প্ৰভু যীচুৱে আন সত্তৰ জনক নিযুক্তি কৰিলে৷ তাৰ পাছত তেওঁ নিজে যি যি নগৰ আৰু ঠাইত যাব বিচাৰিছিল, সেইবোৰ ঠাইত দুজন দুজনকৈ পঠিয়াই দিলে। 2আৰু তেওঁলোকক ক’লে, “শস্য সৰহ, কিন্তু বনুৱা তাকৰ; সেইকাৰণে নিজৰ শস্য-ক্ষেত্ৰলৈ বনুৱা সকলক পঠিয়াই দিবলৈ, শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।

3
10:3 মথি ৯:৩৭,৩৮
তোমালোক যোৱা; চোৱা, ৰাংকুকুৰৰ মাজত মই তোমালোকক মেৰ পোৱালী স্বৰূপে পঠিয়াইছো।
4তোমালোকে কোনো ধনৰ মোনা বা জোলোঙা বা পাদুকা নলবা; আৰু বাটত যাওঁতে কাকো সম্ভাষণ
10:4 সম্ভাষণ বা নমস্কাৰ জনোৱা কার্যটো ইহুদী সম্প্ৰদায় বা ইস্ৰায়েল জাতিৰ কাৰণে এটা দিঘলীয়া প্ৰথা; সেয়েহে প্ৰভু যীচুৱে বাটত যাওঁতে এই কথা পালন কৰি সময় নষ্ট কৰিব দিয়া নাই৷
নজনাবা।

5তোমালোকে যি ঘৰত সোমোৱা, তাত প্ৰথমে কবা, “এই ঘৰৰ কুশল হওঁক৷” 6যদি তাত কুশলৰ পাত্ৰ থাকে, তেন্তে তোমালোকৰ কুশল সেই লোকৰ ওপৰত থাকিব কিন্তু যদি তাত কুশলৰ পাত্ৰ নাই, তেন্তে তোমালোকলৈ ঘূৰি আহিব। 7আৰু তেওঁলোকে যি খোৱা বস্তু দিয়ে সেইবোৰকে ভোজন-পান কৰি সেই ঘৰতে থাকিবা; কিয়নো বনুৱা জন তেওঁৰ বেচৰ যোগ্য। এঘৰৰ পৰা এঘৰলৈ নাযাবা।

8তোমালোকে যেতিয়া এখন নগৰত সোমোৱা আৰু তাত থকা লোক সকলে তোমালোকক গ্ৰহণ কৰিলে, তেওঁলোকে তোমালোকৰ আগত যি খাবলৈ দিয়ে সেইবোৰকে ভোজন কৰিবা; 9সেই ঠাইত থকা ৰোগী সকলক সুস্থ কৰিবা আৰু ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’ বুলি তেওঁলোকক ক’বা।

10কিন্তু কোনো নগৰত সোমালে, মানুহবোৰে যদি তোমালোকক গ্ৰহণ নকৰে, সেই নগৰৰ আলিবাটলৈ যাবা আৰু এই কথা ক’বা, 11তোমালোকৰ নগৰৰ যি ধুলি আমাৰ ভৰিত লাগি আছে সেই ধুলিও তোমালোকৰ বিৰুদ্ধে জোকাৰি পেলালো, তথাপি এই কথা জানি লোৱা যে ‘ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ওচৰ আহি পালে’৷ 12মই তোমালোকক কওঁ, সেই মহা-বিচাৰৰ দিনা এই নগৰতকৈ চদোমৰ অৱস্থা বেছি সহনীয় হ’ব।

13হায় হায় কোৰাচীন!
10:13 মথি ১১:২০-২৪
হায় হায় বৈৎচৈদা! তোমালোক সন্তাপৰ পাত্ৰ; কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম-কাৰ্য্য কৰা হৈছিল, সেইবোৰ কাৰ্য তূৰ আৰু চীদোনত যদি কৰিলো হয়, তেতিয়া তাৰ নিবাসী সকলে বহুদিনৰ আগেয়ে চট পিন্ধি, ছাইত বহি অনুতাপ কৰিলেহেঁতেন।
14কিন্তু মহা-বিচাৰৰ দিনা তোমালোকৰ দশাতকৈ তূৰ আৰু চীদোনৰ দশা সহিবলৈ বেছি সহনীয় হ’ব। 15হে কফৰনাহূম, তুমি ভাবা নে, তুমি স্বৰ্গলৈ তোলা হ’বা বুলি? তুমি নৰকলৈহে পেলোৱা হ’বা।

16যি কোনোৱে তোমালোকৰ কথা শুনে, তেওঁ মোৰো কথা শুনে৷ যি কোনোৱে তোমালোকক অগ্ৰাহ্য কৰে, তেওঁ মোকো অগ্ৰাহ্য কৰে আৰু যি কোনোৱে মোক অগ্ৰাহ্য কৰে, তেওঁ মোক পঠোৱা জনকো অগ্ৰাহ্য কৰে।”

17পাছত সেই সত্তৰ জনে আনন্দেৰে ঘূৰি আহি কলে, “হে প্ৰভু, আপোনাৰ নামৰ দ্বাৰাই ভূতবোৰো আমাৰ বশীভূত হ’ল।” 18যীচুৱে তেওঁলোকক কলে, “স্বৰ্গৰ পৰা বিজুলীৰ নিচিনাকৈ, মই চয়তানক পৰা দেখিলোঁ। 19
10:19 যো ১২:৩১ ; প্ৰ ১২:৯
চোৱা, সাপ আৰু কেঁকোৰা-বিছা গচকিবলৈ আৰু শত্ৰুৰ সকলো পৰাক্ৰমৰ ওপৰত তোমালোকক ক্ষমতা দিলোঁ; তাতে একোৱে তোমালোকৰ কোনো প্ৰকাৰে হানি কৰিব নোৱাৰিব।
20তথাপি আত্মাবোৰ যে তোমালোকৰ বশীভূত হল, সেই কথাত আনন্দ নকৰি, তোমালোকৰ নাম যে স্বৰ্গত লিখা
10:20 প্ৰ ১৩:৮ ; ২১:২৭
হৈছে, সেই বাবেহে অধিক আনন্দ কৰা।”

21সেই ক্ষণতে তেওঁ
10:21 মথি ১১:২৫-২৭
পবিত্ৰ আত্মাত উল্লাসিত হৈ কলে, “হে পিতৃ, স্বৰ্গ আৰু পৃথিবীৰ প্ৰভু, তুমি জ্ঞানী আৰু বিদ্যাৱন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখি, শিশু সকলৰ আগত প্ৰকাশ কৰিলা, এই বাবে তোমাক ধন্যবাদ দিওঁ৷ হয় পিতৃ, সেইদৰে তোমাৰ দৃষ্টিত সন্তোষ জনক হোৱা কাৰণে তোমাক ধন্যবাদ দিওঁ।”

22মোৰ পিতৃয়ে তোমালোকক মোৰ ওপৰত সমৰ্পন কৰিছে
10:22 মথি ২৮:১৮
আৰু পুত্ৰ নো কোন, পিতৃৰ বাহিৰে কোনেও এই বিষয়ে নাজানে; আৰু পিতৃ নো কোন, সেই বিষয়ে পুত্ৰৰ বাহিৰে আন কোনেও নাজানে আৰু যি জনৰ আগত পুত্ৰই তেওঁক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেওঁৰ বাহিৰে আন কোনেও জানিব নোৱাৰে।”

23ইয়াৰ পাছত যীচুৱে তেওঁলোকৰ ফালে ঘূৰি গুপুতে কলে, “তোমালোকে যি যি দেখিছা সেইবোৰ দেখা চকুবোৰ ধন্য; 24কিয়নো মই তোমালোকক কওঁ যে, তোমালোকে যি যি দেখিছা, তাক অনেক ভাৱবাদী আৰু ৰজাই দেখিবলৈ ইচ্ছা কৰিও দেখিবলৈ নাপালে আৰু তোমালোকে যি যি শুনিছা, সেই বিষয়ে অনেকে শুনিবলৈ ইচ্ছা কৰিও, শুনিবলৈ নাপালে।”

এজন দয়ালু চমৰীয়াৰ দৃষ্টান্ত

25ইয়াৰ পাছত এজন বিধান-পণ্ডিতে উঠি যীচুক পৰীক্ষা কৰি চোৱাৰ ছলেৰে সুধিলে, “হে গুৰু, মই কি কৰি অনন্ত জীৱনৰ অধিকাৰী হম?” 26তেতিয়া যীচুৱে কলে, “বিধানত কি লিখা আছে? তুমি কেনেকৈ বিধান পঢ়িছা?” 27তেওঁ উত্তৰ দি কলে, “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো শক্তি আৰু সকলো চিত্তেৰে তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা,
10:27 দ্বি বি ৬:৫ ; লে ১৯:১৮
আৰু তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা।”
28তেতিয়া যীচুৱে তেওঁক কলে, “তুমি সঠিক উত্তৰ দিলা; ইয়াকে কৰা তেতিয়া তুমি অনন্ত জীৱন পাবা৷”
10:28 ৰো ১০:৫ ; গাল ৩:১১-১৪

29কিন্তু তেওঁ নিজকে নিৰ্দ্দোষী কৰিবলৈ ইচ্ছা কৰি যীচুক কলে, “মোৰ চুবুৰীয়া নো কোন?” 30তেতিয়া যীচুৱে সমিধান দি কলে, “এজন মানুহ যিৰূচালেমৰ পৰা যিৰীহো নগৰলৈ গৈ আছিল; যাওঁতে বাটতে তেওঁ ডকাইতৰ হাতত পৰিল; তেতিয়া সিহঁতে তেওঁক বিবস্ত্ৰ কৰি মৰিয়াই, বস্তু-বাহানি লৈ আধামৰাকৈ মাৰি এৰি থৈ গুচি গ’ল।

31এনেতে কোনো এজন পুৰোহিত সেই বাটেদি গৈছিল; পাছত তেওঁ সেই মানুহ জনক দেখি, এফলীয়া হৈ গ’ল। 32সেইদৰে এজন লেবীয়েও সেই ঠাই পোৱাত মানুহ জনক দেখি এফলীয়া হৈ গ’ল।

33কিন্তু এজন চমৰীয়াই যাত্ৰা কৰি গৈ থাকোতে, সেই মানুহ জন পৰি থকা ঠাই পালে; তাতে মানুহ জনক দেখি তেওঁৰ কৰুণা উপজিল আৰু তেওঁ মানুহ জনৰ ওচৰলৈ আহিল৷ 34তেওঁ মানুহজনৰ গাত তেল আৰু দ্ৰাক্ষাৰস বাকি দি ঘাঁবোৰ বান্ধিলে; পাছত নিজৰ বাহনৰ ওপৰত বহুৱাই আলহী-ঘৰলৈ লৈ গ’ল আৰু তেওঁক শুশ্ৰূষা কৰিলে। 35পাছদিনা তেওঁ দুটা আধলি উলিয়াই আলহী-ঘৰৰ গৰাকীক দি কলে- এওঁক শুশ্ৰূষা কৰিবা আৰু যি অধিক খৰচ হয়, সেয়া মই উভতি আহিলে পৰিশোধ কৰিম।

36এই তিনি জনৰ মাজত, ডকাইতৰ হাতত পৰা সেই মানুহ জনৰ কোন জনক চুবুৰীয়া বুলি ভাবিছা?” 37তাতে বিধান-পণ্ডিত জনে ক’লে, “যি জনে তেওঁক দয়া কৰিলে, তেৱেঁই।” তেতিয়া যীচুৱে তেওঁক ক’লে, “তুমিও সেইদৰে কৰা।”

যীচু মার্থা আৰু মৰিয়মৰ ঘৰত আলহী হৈ থকা

38পাছত তেওঁলোকে আগবাঢ়ি যাওঁতে, যীচুৱে এখন গাৱঁত সোমাল; সেই গাঁৱত মাৰ্থা নামেৰে এজনী মহিলাই তেওঁক আদৰণি জনাই নিজৰ ঘৰত আলহী কৰি ৰাখিলে; 39আৰু মৰিয়ম নামেৰে তেওঁৰ ভনীয়েকে প্ৰভু যীচুৰ চৰণৰ ওচৰত বহি তেওঁৰ বাক্য শুনি থাকিল।

40কিন্তু মাৰ্থাই আহাৰ যোগাৰৰ বাবে বহুত ব্যস্ত আছিল৷ তেওঁ যীচুৰ ওচৰলৈ আহি কলে “হে প্ৰভু, মোৰ ভনীয়ে মোক যে অকলশৰে কাম কৰিবলৈ এৰি দিছে এয়া আপুনি মন নকৰে নে? সেয়েহে সহায় কৰিবলৈ তাইক আজ্ঞা দিয়ক।” 41কিন্তু প্ৰভুৱে উত্তৰত তেওঁক কলে, “মাৰ্থা, মাৰ্থা, তুমি বহু বিষয়ত চিন্তিত আৰু ব্যস্ত হৈ আছা, কিন্তু মাত্ৰ এটা বিষয়হে প্ৰয়োজনীয়৷ মৰিয়মে সেই উত্তম বিষয়টো মনোনীত কৰিলে, তেওঁৰ পৰা সেইটো নিয়া নহব।”

42

Copyright information for AsmULB